AmarAsom

শ্যামকানুই ই-মেইলযোগে জুবিন গাৰ্গক সুৰা যোগান নধৰিবলৈ কৈছিল হোটেল কৰ্তৃপক্ষক,

ই: নিউজ – আমাৰ অসম ঃ জুবিন গাৰ্গক সুৰা যোগান নধৰিবলৈ কিয় কৈছিল শ্যামকানু মহন্তই? তাৰ পৰিৱৰ্তে সুৰা যোগানৰ বাবে কিয় দায়িত্ব দিছিল অভিমন্যুক?
বুধবাৰে সম্পন্ন নহ’ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। বৃহস্পতিবাৰে পুনৰ হ’ব জামিনৰ শুনানি।শ্যামকানুই ই-মেইলযোগে জুবিন গাৰ্গক সুৰা যোগান নধৰিবলৈ কৈছিল ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেলখনৰ কৰ্তৃপক্ষক।কিন্তু এইজন প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰৰ দ্বাৰা শ্যামকানুই জুবিনক যোগান ধৰিছিল সুৰাৰ বটল। য়টলৈ যোৱাৰ পূৰ্বেই অভিমন্যুক ‘ব্লেক এণ্ড হোৱাইট’ ব্ৰেণ্ডৰ সুৰাৰ বটল এটা কিনি আনিবলৈ দিছিল। অভিমন্যুই সেই সুৰাৰ বটল কিনি আনি শ্যামকানুৰ হাতত গতাই দিছিল। পাছত শ্যামকানুৱে সেইটো গতাই দিছিল জুবিনক। সেই বটলটোৰ সুৰা জুবিনক পান কৰোৱাই দিয়া হৈছিল। যাৰ বাবে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ।কিন্তু এইজন প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰৰ দ্বাৰা শ্যামকানুই জুবিনক যোগান ধৰিছিল সুৰাৰ বটল। য়টলৈ যোৱাৰ পূৰ্বেই অভিমন্যুক ‘ব্লেক এণ্ড হোৱাইট’ ব্ৰেণ্ডৰ সুৰাৰ বটল এটা কিনি আনিবলৈ দিছিল। অভিমন্যুই সেই সুৰাৰ বটল কিনি আনি শ্যামকানুৰ হাতত গতাই দিছিল। পাছত শ্যামকানুৱে সেইটো গতাই দিছিল জুবিনক। সেই বটলটোৰ সুৰা জুবিনক পান কৰোৱাই দিয়া হৈছিল। যাৰ বাবে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ।বৃহস্পতিবাৰে পুনৰ আন এটা অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জামিন আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।ইপিনে, আজিৰ শুনানিৰ অন্তত শ্যামকানুক নিৰ্দোষী বুলি দাবী পত্নী অনিতা ডেকা মহন্তৰ। অনিতা ডেকাৰ মতে, জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাবলৈ শ্যামকানুৱে ছিংগাপুৰলৈ লৈ যোৱাটো অপৰাধ হ’ব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top