AmarAsom

কাঢ়ি লোৱা হ’ব নেকি সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ অধিকাৰ…

ই: নিউজ – আমাৰ অসম ঃ পিছে প্ৰশ্ন হয়, UGC ৰ নতুন নিয়মত কি আছে? কিয় দেশত প্ৰতিবাদ হৈ আছে? ইয়াৰ দ্বাৰা শেষ কৰি দিয়া হ’ব নেকি সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ অধিকাৰ?

ইউ জি চিয়ে ২০২৬ চনৰ ১৩ জানুৱাৰীত “Promotion of Equity in Higher Education Institutions Regulations, 2026” নামৰ নিয়ম কাৰ্যকৰী কৰিছিল। ইয়াৰ উদ্দেশ্য এয়াই যে কলেজ আৰু বিশ্ববিদ্যালয়ত সমতাৰ পৰিৱেশ গঢ়ি তোলা আৰু বৈষম্যৰ মোকাবিলা কৰা। কিন্তু এই নিয়ম কাৰ্যকৰী হোৱাৰ পাছতে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ নিয়ম 3(C) বিতৰ্কৰ মাজত সোমাই পৰিছে।

নিয়ম 3(C) ত কি আছে
নতুন নিয়মৰ আটাইতকৈ বিতৰ্কিত অংশটো হ’ল 3(C)। প্ৰথমবাৰৰ বাবে ইয়াত “জাতিভিত্তিক বৈষম্য”ৰ সংজ্ঞা দিয়া হৈছে। নিয়ম 3(C) অনুসৰি, জাতিগত বৈষম্যৰ অৰ্থ হ’ল অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ সকলৰ বিৰুদ্ধে জাতি বা জনগোষ্ঠীৰ ভিত্তিত বৈষম্য কৰা। এই নিয়মত স্পষ্টকৈ উল্লেখ আছে যে, এই তিনি শ্ৰেণীৰ শিক্ষাৰ্থী বা কৰ্মচাৰীৰ বিৰুদ্ধে হোৱা জাতিগত বৈষম্যক গুৰুতৰ বুলি গণ্য কৰা হ’ব।

পুৰণি নিয়ম 3(E)ত কি আছে
UGC ৰ ২০১২ চনৰ পুৰণি নিয়মৰ নিয়ম 3(E) অনুসৰি কোনো ছাত্ৰ বা কৰ্মচাৰীৰ বিৰুদ্ধে জাতি, ধৰ্ম, ভাষা, অঞ্চল, লিংগ, জন্মস্থান, শাৰীৰিক অৱস্থা বা আন কোনো ভিত্তিত বৈষম্য কৰিব নোৱাৰিব। এক কথাত, ইয়াত জাতি-ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোকে সমান সুৰক্ষা প্ৰদান কৰা হৈছিল। যদি কোনো শিক্ষাৰ্থীৰ সৈতে অন্যায় হয় তেন্তে অভিযোগ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top