ই: নিউজ – আমাৰ অসম ঃ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আৰব লীগৰ সকলো সদস্য দেশৰ বৈদেশিক মন্ত্ৰী আৰু আৰব লীগৰ মহাসচিবেও অংশগ্ৰহণ কৰিব। প্ৰায় ১০ বছৰ পাছত এনে বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০১৬ চনত এই বৈঠক বাহৰেইনত অনুষ্ঠিত হৈছিল। ভাৰত আৰব দেশৰ সংগঠন লীগ অৱ আৰব ষ্টেটছ (LAS)ৰ পৰ্যবেক্ষক। এই সংস্থাটোত মুঠ ২২ খন সদস্য দেশ আছে।
১৯৪৫ চনৰ ২২ মাৰ্চত কায়ৰোত লীগ অৱ আৰব ষ্টেটছ (LAS) গঠন কৰা হৈছিল। প্ৰথম অৱস্থাত ইয়াত মুঠ ৭ খন দেশ আছিল। এই দেশ কেইখন ইজিপ্ত, ইৰাক, জৰ্ডান, লেবানন, চৌদি আৰব, ছিৰিয়া আদি। কিন্তু বৰ্তমান ইয়াত ২২ খন দেশ আছে। আৰ্মেনিয়া, ব্ৰাজিল, চাড, ইৰিত্ৰিয়া, গ্ৰীচ আদিৰ দৰে দেশো ইয়াত অন্তৰ্ভুক্ত আছে।
আৰব দেশৰ সৈতে মজবুত সম্পৰ্ক
আৰবৰ দেশসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া শক্তিশালী সম্পৰ্ক আছে। বাণিজ্য, শক্তি, শিক্ষা, সংস্কৃতি, কূটনীতি আদি বিভিন্ন খণ্ডত ভাল সহযোগিতা আছে। ভাৰত-আৰবৰ বাণিজ্য ২৪০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ভাৰতে ইয়াৰ অধিকাংশ তেল, গেছ, এল পি জি আৰব দেশৰ পৰা আহৰণ কৰে। আৰৱ দেশত ৯০ লাখৰো অধিক ভাৰতীয়ই কাম কৰে। গতিকে এই বৈঠকে আৰব দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব পাৰে। ভাৰতৰ লক্ষ্যয়ে হৈছে আৰব দেশৰ সৈতে সম্পৰ্ক আৰু সহযোগিতা উন্নত কৰা।
ভাৰতে মধ্যস্থতাকাৰী ভূমিকা ল’ব পাৰে
এই বৈঠকৰ পূৰ্বে পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ভাৰ্চেন আঘাবেকিয়ান শ্বাহিনে গাজা পুনৰ নিৰ্মাণত সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ভাৰতে সদায় পেলেষ্টাইনৰ সৈতে থিয় দি আহিছে। ভাৰত আজি পেলেষ্টাইন আৰু ইজৰাইল দুয়োৰে বন্ধু গতিকে পেলেষ্টাইন আৰু ইজৰাইলৰ শান্তিৰ বাবে ভাৰতে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব পাৰে। সূত্ৰ অনুসৰি, এই বৈঠকত গাজাৰ শান্তি পৰিকল্পনাৰ বিষয়েও আলোচনা হ’ব পাৰে।