ই: নিউজ – আমাৰ অসম ** এই সন্দৰ্ভত দলৰ এগৰাকী মুখপাত্ৰই কয় যে, বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এই বৈঠক আগন্তুক নিৰ্বাচন কেন্দ্ৰিক বিজেপিৰ কৌশলগত সভা হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, “নিৰ্বাচন পৰিচালনা সমিতি আৰু ৰাজ্যিক মূল সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব। আলোচনাত বিধানসভা নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।”
এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক দলৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকিব। মুখপাত্ৰগৰাকীয়ে আৰু কয় যে, যিহেতু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থা এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে আলোচনাত দলীয় টিকট প্ৰদানৰ বিষয়টোৱে বিশেষ স্থান পোৱাৰ সম্ভাৱনা নাই।
সম্প্ৰতি অসমত অসম গণ পৰিষদ (অগপ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দি থকা বিজেপিক বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও সমৰ্থন আগবঢ়াইছে। আনুষ্ঠানিকতাৰ কাম চলি আছে যদিও আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি দলটোৰ সূত্ৰই উল্লেখ কৰিছে।
মুখপাত্ৰগৰাকীয়ে কয় যে, অমিত শ্বাহে এই পৰ্যন্ত দলটোৰ নিৰ্বাচনী অগ্ৰগতিৰ আপডেট ল’ব আৰু দিহা-পৰামৰ্শ আগবঢ়াব বুলি আশা কৰা হৈছে। দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে মাজনিশাত অসমত উপস্থিত হোৱা অমিত শ্বাহে ডিব্ৰুগড় আৰু ধেমাজিত অনুষ্ঠিত হোৱা দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। দলৰ নেতাসকলক সাক্ষাৎ কৰি তেওঁ পশ্চিম বংগলৈ ৰাওনা হ’ব।
খবৰ অনুসৰি, শ্যামকানু মহন্তৰ অধিবক্তাৰ দ্বাৰা জামিন প্ৰত্যাহৰৰ আবেদন দাখিল কৰিছিল আদালতত। জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গেও লোক অধিবক্তাৰ জৰিয়তে প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। গতিকে আজি আন ৩জনৰ জামিন আবেদনৰ ওপৰত শুনানি হ’ব। এই ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত আবেদন দাখিল কৰিছে এছ আই টিয়ে। জুবিন পত্নী গৰিমা গাৰ্গেও নিজৰ অধিবক্তাৰ দ্বাৰা ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন দাখিল কৰিছে।
আজিৰ শুনানিত শ্যামকানু, শেখৰ আৰু সিদ্ধাৰ্থই দাখিল কৰা আন কেইবাখনো আবেদনৰ শুনানি হ’ব। সিদ্ধাৰ্থৰ ফটাশিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A ফ্লেট জব্দ কৰিবলৈ SIT য়ে আদালতত আবেদন দাখিল কৰিছিল। এই আবেদনত এছ আই টিয়ে জুবিনৰ ধন আত্মসাৎ কৰি ফ্লেটটো সিদ্ধাৰ্থই ক্ৰয় কৰাৰ তথ্য উল্লেখ কৰিছে। SIT য়ে দাখিল কৰা আবেদনৰো আজি শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ বিপ্লৱ বৰুৱা আদালতে।