AmarAsom

ইন্ধনবাহী ভাৰতীয় টেংকাৰত গুলীচালনা ইৰাণৰ

ইৰাণৰ সামৰিক কমাণ্ডে শনিবাৰে হৰমুজ প্ৰাণালী পুনৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে দুখন ভাৰতীয় তেল টেংকাৰত গুলীচালনা কৰে।

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে দুখন ভাৰতীয় তেল টেংকাৰত গুলীচালনা কৰে। ২০ লাখ বেৰেল ইৰাকী তেল লৈ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ গৈছিল জাহাজকেইখন। সেই সময়ত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে নিৰ্বিচাৰে জাহাজসমূহৰ ওপৰত গুলীচালনা কৰে। এই কথা প্ৰকাশ কৰিছে জাহাজ নিৰীক্ষণ কোম্পানী ‘TankerTracks.com’য়ে।

ব্ৰিটিছ সেনাই হৰমুজ প্ৰণালীত অৱৰোধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে ইৰাণৰ সামৰিক কমাণ্ডে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে দাবী কৰে যে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত দুখন সশস্ত্ৰ জাহাজকো বাধা দিয়া হৈছিল।

এনে এক নাটকীয় ঘটনাৰ পিছত ইৰাণে দাবী কৰিছে যে বাণিজ্যিক জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ দিয়া নহ’ব। ইৰাণৰ সামৰিক কমাণ্ডৰ এক বিবৃতিত কোৱা হৈছে যে ইৰাণৰ বন্দৰত জাহাজ বন্ধ কৰি ৰাখি আমেৰিকাই নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে। ইৰাণত প্ৰৱেশ কৰা সকলো জাহাজৰ বাবে আমেৰিকাই চলাচলৰ স্বাধীনতা ঘূৰাই নিদিয়ালৈকে হৰমুজৰ পৰিস্থিতি কঠোৰ নিয়ন্ত্ৰণত থাকিব

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top