মুখ্যমন্ত্ৰীৰ কঠোৰ সতর্কবাণী : “জুবিনৰ ন্যায়ৰ বাবে চৰকাৰ আপোষ নকৰে”
অসমবাসীৰ হিয়াৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যত বিৰাজমান তীব্ৰ শোক আৰু ক্ষোভ। এই পৰিস্থিতিত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ তীব্ৰ ৰূপ লৈছে।
আজিৰ ফেচবুক লাইভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ক’লে —
৬ অক্টোবৰৰ ভিতৰত দুয়ো জনে CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব।
জনতাৰ ধৈৰ্যৰ সৈতে খেলা নকৰিব। ফেচবুকত পোষ্ট লিখি বা লাইভ দি দায় এৰাই যাব নোৱাৰিব।
আইনক টালি দিয়াৰ চেষ্টা কৰিলে চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব।
মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰালে যে বহু বছৰ আগতেই তেওঁ সতর্ক কৰিছিল, জুবিনৰ জীৱনৰ ওপৰত আশেপাশে থকা কিছুমান লোক বিপথে ধৰাৱাবদ্ধ।
মুখ্যমন্ত্ৰীৰ গুৰুত্বপূর্ণ ঘোষণা
-
GMCHৰ মৰণোত্তৰ প্ৰতিবেদন সাজু, ছিংগাপুৰৰ প্ৰতিবেদন আনার প্ৰচেষ্টা চলি আছে।
-
তদন্তত যদি গতি নাহে, তেন্তে CBIলৈ হস্তান্তৰ কৰা হ’ব।
-
শ্যামকানু মহন্তৰ সকলো বেংক একাউণ্ট ইতিমধ্যে ফ্ৰীজ কৰা হৈছে।
-
চৰকাৰে কেতিয়াও শ্যামকানু–সিদ্ধাৰ্থৰ ওচৰত নশিৰিব; আইনে নিজৰ গতিত চলিব।
ৰাইজক আহ্বান
মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে —
“আইন হাতেৰে নলওক, অসমখন জুবিনৰ অসম। যিকোনো কাৰণতে অসমক নেপাল হ’বলৈ দিয়া নহ’ব। জুবিনৰ নামত চৰকাৰবিৰোধী ৰাজনীতি চলিব নোৱাৰে। প্ৰাণৰ শিল্পীৰ আত্মাক কষ্ট দিব নালাগে।”
AmarAsom Assam Number One Assamese News Channel