যোৱা কালি ধুবুৰী জিলাৰ বালাজানৰ নব-নিৰ্মিত উৰুনীয় সেতুত সংঘটিত হয় এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। এক মটৰছাইকেল আৰু এখন ই-ৰিক্সাৰ মাজত হোৱা এই ভয়ংকৰ সংঘৰ্ষত মুঠ চাৰিজনৰ ভিতৰত দুজন তৎক্ষণাৎ মৃত্যুবৰণ কৰে। স্থানীয় লোকে জনোৱা মতে, দুৰ্ঘটনাটো হোৱা মাত্ৰেই ঘটনাস্থলত বিভৎস দৃশ্য দেখা পোৱা যায়। আহত দুজনক ততালিকে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাত নিহত দুজনৰ ভিতৰত অন্যতম শোকৰ খবৰ আহিছে গোলকগঞ্জ থানাৰ অন্তৰ্গত ঢেপঢেপী গাঁওৰ দেবত্তৰ হাসদহ পঞ্চম খণ্ডৰ বাসিন্দা জয়দেব ওৰফে কলুৰ মৃত্যুতে। গাঁওখনৰ পৰিচিত নাম কলু, যি নিজৰ সত্যবাদী আৰু নিষ্ঠাবান স্বভাৱৰ বাবে গাঁওবাসীৰ মাজত বিশেষ মৰ্যাদা উপাৰ্জন কৰিছিল। তেওঁৰ অকাল মৃত্যুৱে গাঁওখনত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে।
আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত জয়দেৱৰ নিথৰ দেহ গাঁৱলৈ আনি থাপি দিয়া লগে লগেই কেঁদা-কেঁদি পৰিল গোটেই অঞ্চল। পৰিয়ালৰ সদস্যৰ দৰে গাঁওবাসী সকলেও তেওঁৰ মৃত্যুত কষ্ট পাই শোক প্ৰকাশ কৰিছে। পৰিৱেশখন এতিয়াও অশ্ৰুসিক্ত আৰু বেদনাদায়ক হৈ পৰিছে।
কিন্তু এই দুৰ্ঘটনাৰ পিছত আছে এক অতি বেদনাদায়ক পৰিস্হিতি। গোটেই পৰিয়ালৰ ভাৰ আছিল কলুৰ ওপৰত। তেওঁ পিছত থৈ গ’ল এজনী সৰু কন্যা আৰু প্ৰায় ৫ বছৰীয়া নাবালক ল’ৰা। দুজন সৰু সন্তান এতিয়া অনাথ। সমাজৰ মুখে-মুখে একেই প্ৰশ্ন—এই দুজন সৰু অনাথ শিশুৰ ভবিষ্যত কোনে গঢ়িব? কোনে পূৰণ কৰিব পিতৃৰ স্নেহৰ অভাৱ? পৰিয়ালৰ সদস্যই কষ্ট ভৰা কণ্ঠত কৈছে—“কলু আছিল আমাৰ একমাত্র ভৰসা। এতিয়া তেওঁ নাথাকাত আমাৰ জীৱন একেবাৰে আঁধাৰত তলিয়াই গ’ল।”
গাঁওবাসীয়ে কৈছে, জয়দেব কলু আছিল দায়িত্বশীল, পৰিশ্ৰমী আৰু সৎ ব্যক্তি। তেওঁৰ অকালে মৃত্যুৱে গাঁওখনৰ সকলো লোকক দুখৰ সাগৰত ভাঁহাই লৈ গৈছে। এক প্রতিবেশীয়ে শোক প্ৰকাশ কৰি কৈছিল—“এনে এজন ভাল মানুহ এৰি যোৱাত আমাৰ গাঁওখনত শূন্যতা নামি আহিছে। এই ক্ষতি কেতিয়াও পূৰণ হ’ব নোৱাৰিব।”
এই ভয়ংকৰ দুৰ্ঘটনাই এবাৰ পুণি জনাই দিলে—পথত এক মুহূৰ্তৰ অসাৱধানতাই কিমান শত জীৱন ধ্বংস কৰিব পাৰে। বিশেষকৈ ধুবুৰীৰ দৰে অঞ্চলত, য’ত সেতু, ৰাষ্ট্ৰীয় পথ আৰু জনবহুল অঞ্চলত যানবাহনৰ সংখ্যা বৃদ্ধি পাইছে, সুৰক্ষাৰ প্ৰতি সচেতনতা বঢ়োৱা সময়ৰ প্ৰয়োজন। স্থানীয় সচেতন মহলে দাবী জনাইছে—এনে দুর্ঘটনা ৰোধৰ বাবে আৰক্ষী আৰু পৰিবহন বিভাগে গতি নিয়ন্ত্ৰণ, সুৰক্ষা ব্যৱস্থা আৰু পথ নিৰাপত্তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।
অৱশ্যে, কোনো পদক্ষেপে আজিৰ ক্ষতিটো পূৰণ কৰিব নোৱাৰে। কলুৰ দুই সৰু সন্তান আৰু পৰিয়ালৰ লোকসকলৰ দুখ-দুৰ্দশাই সকলোকে স্পৰ্শ কৰিছে। গাঁওবাসীয়ে সমষ্টিগতভাৱে পৰিয়ালটোৰ সহায়-সহযোগিতা কৰাৰ সংকল্প লৈছে।
এই দুৰ্ঘটনা স্মৰণ কৰায়—জীৱন অমূল্য। এক ক্ষণিক অসাৱধানতাই কেৱল এজনৰ নহয়, বহুজনৰ জীৱনক ধ্বংস কৰি দিয়ে। সেয়ে সৰ্বসাধাৰণক সতৰ্কতাৰে যানবাহন চলোৱা আৰু পথ নিৰাপত্তা নিয়মক মান্য কৰাৰ আহ্বান জনাইছে সচেতন মহলে।
AmarAsom Assam Number One Assamese News Channel