প্ৰাথমিক শিক্ষা বিভাগত ১০,৬৭৩টা শিক্ষকৰ পদ মুকলি

অসম চৰকাৰৰ প্রাথমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত মোট ১০,৬৭৩টা শিক্ষকৰ খালী পদ পূৰণৰ বাবে বৃহৎ নিয়োগ ঘোষণা কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচৰা হৈছে। তলত সম্পূৰ্ণ তথ্য উপস্থাপন কৰা হৈছে।

চাকৰি তথ্য-

📌 প্রতিষ্ঠান: প্রাথমিক শিক্ষা সঞ্চালকালয়, অসম
📌 পদৰ ধৰণ: নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ পদ
📌 মুঠ খালী পদ: ১০,৬৭৩টা
📌 দৰমহা: ₹১৪,০০০ – ₹৭০,০০০ + সৰকাৰৰ সুবিধা
📌 বয়স সীমা: NCTE নিয়ম অনুসৰি

যোগ্যতা আৰু অভিজ্ঞতা-

✔ প্ৰাৰ্থী ৩০ ছেপ্টেম্বৰ ২০২৫ৰ ভিত্তিত
– ঠিকাভিত্তিক শিক্ষক
– অথবা সৰ্বশিক্ষা অভিযানৰ অধীনৰ State Poolৰ শিক্ষক হ’ব লাগিব।

✔ State Pool শিক্ষকসকলৰ ক্ষেত্ৰত:
– কমেও ৩ বছৰ শিক্ষকতা অভিজ্ঞতা বাধ্যতামূলক।

আবেদন সম্পৰ্কিত তথ্য-

🗓 আবেদন শেষ তাৰিখ: ৩০ নৱেম্বৰ
🌐 আবেদন পদ্ধতি: অনলাইন

অসম চৰকাৰে কৰা এই নিয়োগ Assamৰ শিক্ষাক্ষেত্ৰত এটা ডাঙৰ আগবঢ়োৱা পদক্ষেপ বুলি ধাৰণা কৰা হৈছে। নতুন শিক্ষক নিয়োগৰ ফলত বিদ্যালয়সমূহত শিক্ষক-সংকট দূৰ হৈ শিক্ষাৰ গুণগত মানো উন্নত হ’ব বুলি শিক্ষাবিদসকলৰ মত।

যোগ্য প্ৰাৰ্থীসকলক সময়ৰ ভিতৰত নিজৰ নথিপত্ৰ ঠিকঠাক কৰি ৩০ নৱেম্বৰৰ আগতেই আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Apply Online Click –

Check Also

এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াত ৯৭৬ খালী পদত নিয়োগ সুযোগ

চাকৰি সংবাদ প্ৰতিষ্ঠানৰ নাম : এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI) পদৰ নাম : জুনিয়ৰ এক্সিকিউটিভ …

Leave a Reply

Your email address will not be published. Required fields are marked *

মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা