AmarAsom

ডিব্ৰুগড়ত ছামিম আহমেদক গ্ৰেপ্তাৰ,

ই: নিউজ – আমাৰ অসম ঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক ছামিম আহমেদ। ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে ছামিম আহমেদক।অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক ছামিম আহমেদ। ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে ছামিম আহমেদক।ছামিম আহমেদে ডিব্ৰুগড়ৰ লাহোৱালত আত্মগোপন কৰি আছিল। আৰক্ষীয়ে লাভ কৰিছিল ছামিমৰ ম’বাইল ফোনৰ লোকেচন।দেওবাৰে ঢল পুৱা ৪ বাজি ২০ মিনিটত গুৱাহাটীৰ গেট হাস্পতালৰ সন্মুখত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা সেই দুৰ্ঘটনাটো। দুৰ্ঘটনাত অকালতে মৃত্যু হৈছিল ৩গৰাকীকৈ যুৱতীৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনখন চলাই আহিছিল ছামিম আহমেদে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক ছামিম আহমেদক উদ্ধাৰ কৰি ততাতৈয়াকৈ লৈ যোৱা হৈছিল নিকটৱৰ্তী গেট হাস্পতাললৈ। কিন্তু হাস্পতালত চিকিৎসা নকৰি তাৰ পৰা পলায়ন কৰিছিল চালক ছামিম আহমেদে। গেট হাস্পতালৰ CCTVত বন্দী হৈছিল ছামিম আহেমেদে হাস্পতালৰ পৰা পলায়নৰ সমগ্ৰ দৃশ্য।
ইতিমধ্যে সুভাষ পাটৰ নামৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নুনমাটিৰ নেপালী চ’কত ভাৰাতীয়া হিচাপে থাকে মৰিগাঁৱৰ নেলীৰ সুভাষ পাটৰ। উল্লেখ্য যে দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনতে শুই আছিল চালকজন।মঠঘৰীয়াৰ ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লৈছিলে গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা, চৰাইদেউৰ সাপেখাতীৰ আকাংক্ষা শইকীয়া আৰু আৰ্মিনা আহমেদে। অসম ডাউন বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ বি. টেকৰ ছাত্ৰী আৰ্মিনা আহমেদ। আকাংক্ষা শইকীয়া আৰু পূজা সাহা ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। লখৰাৰ পৰা মঠঘৰীয়ালৈ গৈ আছিল ৩গৰাকী যুৱতী। সেই সময়তে ৰৈ থকা এখন ট্ৰাকত তেওঁলোক গৈ থকা বাহনখনে খুন্দা মৰাৰ ফলত তিনি যুৱতীয়ে কৰুণ মৃত্যক সাবটি লয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top