AmarAsom

আমেৰিকাত ট্ৰাম্পৰ এক অনুষ্ঠানত গুলীবৰ্ষণৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্বত

ই: নিউজ – আমাৰ অসম ঃ আমেৰিকাত ট্ৰাম্পৰ এক অনুষ্ঠানত গুলীবৰ্ষণৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে ট্ৰাম্পৰ কুশল কামনাৰ লগতে তেওঁ সুৰক্ষিত বুলি জানি আশ্বস্ত হয় প্ৰধানমন্ত্ৰী মোডী।

সামাজিক মাধ্যমত মোডীয়ে লিখিছে এনেদৰে- শেহতীয়াকৈ ৱাশ্বিংটন ডিচিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্প, ফাৰ্ষ্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদ আৰু কোনো ক্ষতি হোৱা নাই বুলি জানি সকাহ পাইছো। তেওঁলোকৰ অবিৰত সুৰক্ষা আৰু মংগলৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই আৰু ইয়াক আমি নিন্দা কৰিব লাগিব।

উল্লেখ কৰা প্ৰয়োজন যে, সংবাদদাতাসকলৰ সৈতে ট্ৰাম্পে আয়োজন কৰা ডিনাৰ পাৰ্টিৰ সময়তে ধাৰাসাৰ গুলীবৰ্ষণত কপিঁ উঠে ৱাশ্বিংটনৰ এখন হোটেল। আমেৰিকাৰ হোৱাইট হাউচে আয়োজন কৰা এই অনুষ্ঠানটোত ট্ৰাম্পৰ লগতে উপস্থিত আছিল উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স, ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প আৰু অন্যান্য জ্যেষ্ঠ নেতাসকল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top