বড়োভূমিত অনুষ্ঠিত পঞ্চম বিটিচি নিৰ্বাচনত রাজনৈতিক সমীকৰণ ওলোটাই একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ শাসনলৈ উভতিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ। মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন জয় কৰি দলটোৱে এক নতুন ইতিহাস ৰচনা কৰিছে।
প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল পূৰ্বৰ শাসনৰ পাছত পুনৰ ক্ষমতালাভৰ আশা কৰিছিল। কিন্তু প্রতিষ্ঠানবিৰোধী ঢৌ আৰু জনসমৰ্থনৰ অভাৱত দলটোৱে কেৱল ৭খন আসনতেই সন্তুষ্ট হ’বলগীয়া হৈছে। আনহাতে, বিজেপিয়ে লাভ কৰিছে ৫খন আসন, আৰু কংগ্ৰেছে কোনো সমষ্টিতো জয়লাভ কৰিব নোৱাৰিলে।
এইবাৰ হাগ্রামা মহিলাৰী আৰু তেওঁৰ একালৰ সতীৰ্থ খাম্পা বৰগয়াৰীৰ মাজত সোজা সমৰ হোৱাৰ বাবেও নিৰ্বাচন বেছি নাটকীয় হৈ উঠে। কোকৰাঝাৰৰ দেৱাৰগাঁও সমষ্টিত হাগ্ৰামাই খাম্পাক পৰাস্ত কৰিলে যদিও চিৰাংদুৱাৰত খাম্পাৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়।
কাজলগাঁও সমষ্টিতো এক আকর্ষণীয় সংঘর্ষ দেখা যায়। ইউপিপিএলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্রহ্ম নিজৰ ভাগিন বিপিএফ প্ৰাৰ্থী পানীৰাম ব্রহ্মৰ হাতত বৃহৎ ভোট ব্যৱধানত হাৰি যায়। লগতে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ একাধিক আসনত বিপিএফ প্ৰাৰ্থীসকলে উল্লেখযোগ্য জয়লাভ কৰে।
অন্যফালে, তামুলপুৰ জিলাত মিশ্ৰ ফলাফল আহে—বিজেপি ২, বিপিএফ ২ আৰু ইউপিপিএলে ১খন আসন জয়লাভ কৰে। যদিও গয়বাৰী সমষ্টিত প্ৰমোদ বড়ো জয়ী হয়, সম্পূৰ্ণ ফলাফলত বিপিএফৰ আধিপত্যই ছবিখন স্পষ্ট কৰিছে।
সর্বমোটে, ইউপিপিএল আৰু বিজেপিৰ আগ্ৰাসী প্রচাৰ, কংগ্ৰেছৰ প্ৰাৰ্থী নিযুক্তিৰ সত্ত্বেও, বড়োভূমিত হাগ্রামা মহিলাৰীৰ বিপিএফ পুনৰ আস্থাৰ ভৰসা লাভ কৰিবলৈ সক্ষম হৈছে।
AmarAsom Assam Number One Assamese News Channel