ই: নিউজ – আমাৰ অসম ঃ ভাৰতীয় সেনাৰ স্পিয়াৰ ক’ৰ্পছৰ (Spearcorps) অন্তৰ্গত স্পিয়াৰহেড ডিভিজনে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক তথা জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি দেওবাৰে আয়োজন কৰে এখন বিশাল প্ৰাক্তন সৈনিক সমাৱেশ। এই অনুষ্ঠানত ১,৫০০তকৈও অধিক প্ৰাক্তন সৈনিক, বীৰ নাৰী, কৰ্মৰত জোৱান, মৃত সৈনিকৰ নিকট আত্মীয় (NOK) আৰু নিৰ্ভৰশীল ব্যক্তিয়ে অংশগ্ৰহণ কৰে, যিয়ে সশস্ত্ৰ বাহিনী আৰু ইয়াৰ প্ৰাক্তন সৈনিকসকলৰ মাজৰ
এই সমাৱেশৰ প্ৰাথমিক উদ্দেশ্য আছিল প্ৰাক্তন সৈনিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰা আৰু তেওঁলোকৰ বিভিন্ন সমস্যা সমাধান কৰা। পেঞ্চন বিতৰণৰ বিসংগতি, ভূমি আৰু আইনী বিষয়, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালে সন্মুখীন হোৱা অন্যান্য প্ৰত্যাহ্বানক লৈ বিস্তৃত আলোচনা কৰা হয় এই সমাৱেশত।