ই: নিউজ – আমাৰ অসম ঃ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা পশ্চিম বংগৰ বেৰেকপুৰত প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বেৰেকপুৰত জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বংগত প্ৰচণ্ড গৰমত ৰোডশ্ব’ কৰিও ক্লান্তি অনুভৱ কৰা নাই। ‘যি দেখিলো ৪ মে’ৰ পিছত বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানলৈ মই ইয়ালৈ আহিবই লাগিব’ – দাবী প্ৰধানমন্ত্ৰী মোদীৰ।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বেৰেকপুৰৰ এই মাটিয়ে স্বাধীনতাক শক্তি দিছে। এই মাটিয়ে পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছে। হেলিপেডৰ পৰা ইয়ালৈ আহিবলৈ ২ কিলোমিটাৰ পথত ইমান মানুহে আমাক আশীৰ্বাদ দিছে, মই কল্পনাও কৰিব পৰা নাছিলো। এয়া মোৰ অন্তিম সভা। বংগৰ যি যি স্থানলৈ গৈছো, মানুহৰ সঁহাৰি দেখি ইমানখিনি ক’ব পাৰো যে ৪ তাৰিখৰ পিছত শপতগ্ৰহণ অনুষ্ঠানলৈ মই আহিবই লাগিব।’’