সীমান্তত অব্যাহত বাংলাদেশীৰ অনুপ্ৰৱেশ! পুনৰ ৩৩ জন অনুপ্ৰৱেশকাৰীক উভতাই পঠিৱালে অসম আৰক্ষীয়ে

অসম-বাংলাদেশ সীমান্তত পুনৰ একেদৰে অনুপ্ৰৱেশকাৰী ধৰা পৰাৰ ঘটনা। অসম আৰক্ষীয়ে শ্ৰীভূমি জিলাৰ সীমান্তৰ পৰা নতুনকৈ ৩৩ জন বাংলাদেশীক পুচ বেক কৰিছে। এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্সত লিখিছে — “সাৱধান! আমাৰ কঠোৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আগন্তুক দিনত এই অভিযান আৰু তীব্ৰ হ’ব।” যদিও কোন খণ্ডৰ পৰা তেওঁলোকক উভতাই পঠিওৱা হৈছে, সেই তথ্য প্ৰকাশ কৰা হোৱা নাই। তথাপি মূলত শ্ৰীভূমি জিলাৰ সীমান্তৰ মাজেৰে অধিকাংশ বাংলাদেশীক উভতাই পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কইছিল যে, প্ৰতি সপ্তাহতে প্ৰায় ৭০-১০০ জনকৈ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে। যোৱা কেইমাহতকৈও অধিক ৪৫০ জন কথিত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰা হৈছে। তেওঁ দাবী কৰে — ৰাজ্য চৰকাৰ অনুপ্ৰৱেশ মুক্ত অসমৰ প্ৰতিশ্ৰুতিত দৃঢ়ভাবে অটল।

ইপিনে, কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি কয়, “দহ বছৰ ধৰি বিজেপি চৰকাৰ ক্ষমতাত আছে। সীমান্তত কড়া নিৰাপত্তা থকা সত্ত্বেও কিদৰে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ অব্যাহত থাকিছে? ইয়াৰ দায়ী কোন?”

অন্যপক্ষে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অলপতে গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ দাবি জনাইছিল।

Check Also

অসম উচ্ছেদ অভিযানত জমিয়তৰ গুরুতৰ অভিযোগ

অসমত উচ্ছেদ অভিযান লৈ জমিয়ত উলেমা-ই-হিন্দৰ অভিযোগ অসমত চলি থকা উচ্ছেদ অভিযানক লৈ জমিয়ত উলেমা-ই-হিন্দে …

Leave a Reply

Your email address will not be published. Required fields are marked *

মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা