খাদ্য সামগ্ৰী আৰু কাপোৰত জি.এছ.টি ৰেহাই সম্ভাৱনা

দুৰ্গা পূজা ওচৰলৈ আহি পৰিছে। উৎসৱৰ বতৰত সাধাৰণমানুহে যাতে স্বস্তি পায়, তাৰে বাবে কেন্দ্ৰীয় চৰকাৰে এক নতুন জি.এছ.টি. ব্যৱস্থা কাৰ্যকৰী কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। সূত্ৰৰ মতে, পূজাৰ পূৰ্বেই এই ঘোষণা আসিব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত জি.এছ.টি.ৰ আমূল সংস্কাৰৰ ইঙ্গিত দিয়াৰ পিছতেই আলোচনা তীব্ৰ হৈছে। ২০ আৰু ২১ আগষ্টত দিল্লীত অনুষ্ঠিত বৈঠকত ১২ শতাংশ আৰু ২৮ শতাংশ জি.এছ.টি. স্তৰ বিলুপ্ত কৰাৰ বিষয়ে ইতিবাচক আলোচনা হয়।

যদি এই সিদ্ধান্ত কার্যকৰী হয়, তেন্তে ভবিষ্যতে মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ জি.এছ.টি. বলবৎ থাকিব। বিশেষকৈ কাপোৰ আৰু খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ জি.এছ.টি. ধাৰ্য হোৱাৰ সম্ভাৱনা। ইয়াৰ ফলত সাধাৰণ ক্রেতাই পূজাৰ আগতেই কাপোৰ, চাহনি আৰু দৈনন্দিন সামগ্ৰীৰ বতৰত যথেষ্ট ৰেহাই পাব।

যদিও বিত্ত মন্ত্ৰালয়ে আগতীয়াকৈ সতর্ক কৰিছে যে এই নতুন গাঁথনিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহ কিছুমান হ্ৰাস কৰিব। তথাপিও সাধাৰণ লোকসকলৰ বাবে এই পদক্ষেপ “বড়ো উপহার” হ’ব বুলি বিশেষজ্ঞৰ অভিমত।

ইফালে ৩ আৰু ৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি.এছ.টি. পৰিষদৰ ৫৬ সংখ্যক বৈঠকত চূড়ান্ত সিদ্ধান্ত হ’ব। তাৰ পূৰ্বে ২ ছেপ্টেম্বৰত বিষয়াসকলৰ সৈতে পৰামৰ্শ বৈঠকো নিৰ্ধাৰিত আছে।

তথাপি, প্ৰধানমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ ভাষণত দিয়া ইঙ্গিত অনুসৰি, পূজাৰ আগতে নহয়, দেৱালীৰ পূৰ্বেই নতুন জি.এছ.টি. ব্যৱস্থা সম্পূৰ্ণ ৰূপে কার্যকৰী হোৱাৰ সম্ভাৱনাই অধিক।

Leave a Reply

Your email address will not be published. Required fields are marked *

মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা